এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
ঘুনুচা কীৰ্ত্তন
উৰুলি জোকাৰ ৰঙ্গে দেয় ঘনে ঘন।
পৰিচা সকলে কৰে কৃষ্ণৰ কীৰ্তন॥
সন্ধ্যা সময়ত কৰি অনেক উৎসৱ।
দৌলৰ ভিতৰ গৈয়া পাইলন্ত মাধৱ॥১৬৩
আসিলন্ত প্ৰভূ লক্ষ্মী দেখি হাস্য কৰি।
খেদ ছাড়ি আগ বাঢ়ি প্ৰভুক সাদৰি॥
নিজ থানে থৈল নিয়া অনেক আশ্বাসে।
মহাৰঙ্গে লক্ষ্মী দেৱী কৃষ্ণক উপাসে॥১৬৪
বাৱন্ন পঞ্চাশ ভোগ দিলা ভাৱে ভাৱে।
পৰম কৌতুকে ভোগ দিলন্ত যাদৱে॥
পৰিচাৰ পাণ্ডা মান গৈলা স্থানে স্থানে।
দৌলত থাকিলা প্ৰভু অতি ৰঙ্গমনে॥১৬৫
জগন্নাথ পুৰাণৰ ইটো কথা সাৰ।
নিবন্ধিলো পদ অৰ্থ কৰিয়া বিচাৰ॥
শুনা নৰ নাৰী লোক আন কাম হেলি।
ঘুনুচাৰ সঙ্গে যাদবাৰ যাত্ৰা কেলি॥১৬৬
কৃষ্ণ বিনে গুৰু গতিদাতা নাহি আন।
এক চিত্ত মনে কৰা হৰি পদ ধ্যান॥
হৰি ভক্তি বিনে আয়ু যায় আলে জালে।
উপায় নাপায় কেতিক্ষণে ধৰে কালে॥১৬৭