সমললৈ যাওক

পৃষ্ঠা:ঘুনুচা-কীৰ্ত্তন.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘুনুচা কীৰ্ত্তন

হেন কৃষ্ণ পাৱে অৱনত ভাৱে
প্ৰণামিয়া বাৰ শত।
কৃষ্ণৰ বিজয় যাত্ৰা অতিশয়
বিৰচিবো পদ যত॥ ১
আষাঢ় মাসৰ শুক্লা যে তৃতীয়া
শুভক্ষণ বেলা পায়।
দৌল ছাড়ি হৰি ঘুনুচাৰ বাড়ী
চলি যান্ত যদুৰায়॥
দুই দণ্ড নিশা থাকন্তে যাদৱ
বাজ ভৈল দৌল ছাড়ি।
দশোদিশ ছানি সৰ্ব্বলোকে জানি
দিলে নিশানত বাড়ি॥২
কাছ পাড় কৰি মতামতি কৰি
হুই সবে একস্থান।
নানা যন্ত্ৰ ধৰি উৎসুকে চলিলা
কৃষ্ণৰ ধৰি যোগান॥
যতেক পৰিচা পাণ্ডা নিৰন্তৰে
আনো যত নৰ নাৰী।
যাত্ৰা সুমঙ্গল কৰিয়া আনন্দে
চলিলন্ত বেশ কৰি॥৩