সমললৈ যাওক

পৃষ্ঠা:ঘুনুচা-কীৰ্ত্তন.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
ঘুনুচা কীৰ্ত্তন

আঠ দিনা ভৈল মই এড়ি গৈলো সঙ্গ।
তাতে লক্ষ্মী কিসক আমাক কৰে খঙ্গ॥
দ্বাৰ ছাড়ি দিয়ো লক্ষ্মী কোপ পৰিহৰি।
অভ্যন্তৰ লাগি চলি যাওঁ শীঘ্ৰ কৰি॥ ১১৮
হেন শুনি পৰিচাক মাতে লক্ষ্মী মাৱ।
যাদৱাৰ বাক্যে মোৰ নুজুড়াই গাৱ॥
কথাকো নকৈল মোক গৈল পৰিহৰি।
পৰৰ ভাৰ্য্যাক যেন পৰে যায় এড়ি॥১১৯
যাদৱাৰ কথা মোত কহিবে নলাগে।
অন্য যিবা কথা আছে কহ মোৰ আগে॥
মই বিনে যাদৱায়ে বঞ্চিবাক পাৰে।
যাদৱা নভৈলে দিন নযায় কি মোৰে॥১২০
সুন্দৰী ৰমণী ভাৰ্য্যা পাইলন্ত যাদৱ।
আউৰ কি লাগিয়া আসিবন্ত মোৰ ঠাৱ॥
ঘুনুচাৰ সম মই নোহো ৰূপৱতী।
নিলে সৱ মন হৰি নাগৰী যুৱতী॥১২১
এতেকে আমাক ত্যজি গৈলন্ত আপোনে।
দ্বাৰকাতে কত দুঃখ দিয়া আছে মনে॥
শিশুকাল হন্তে যাদৱাৰ ধৰো আল।
তথাপিতো তান্ত মই নোবোলাইলো ভাল॥ ১২২