সমললৈ যাওক

পৃষ্ঠা:ঘুনুচা-কীৰ্ত্তন.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩
ঘুনুচা কীৰ্ত্তন

নজানি অতিথি  মিলিল দুর্গতি
 কৃষ্ণ বিনে বন্ধু নাই ।
এড়া আন কাম  ডাকি ৰাম ৰাম
 চলিয়ো বৈকুণ্ঠ ঠাই ॥১১০



ঘোষা।

নমো দয়াশীল  জগত আধাৰ
 দৈৱকী নন্দন দেব ৷
তোমাৰ চৰণে  পশিলো শৰণে
 কৃপা কৰা প্ৰভু দেৱ ॥৭॥

পদ।

অনন্তৰে দ্বাৰী পাছে দ্বাৰ পৰিহৰি ।
অভ্যন্তৰে চলি গৈল অতি শীঘ্ৰ কৰি ৷৷
লক্ষ্মীৰ আগত কথা কহে হেঠ মাথে।
দুৱাৰত ৰহিয়৷ আছম্ভ জগন্নাথে ॥১১১
যেন লাগে আজ্ঞা মোক দিয়ো লক্ষ্মী আই ।
শুনি দেবী মাতিলন্ত পৰিচাক চাই॥
লক্ষ্মীয়ে বোলন্ত শুনা শুনা মোৰ বাক ।
দ্বাৰ ছাড়ি আসিবাক নেদা যাদৱাক ॥১১২