সমললৈ যাওক

পৃষ্ঠা:ঘুনুচা-কীৰ্ত্তন.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰী শ্ৰীকৃষ্ণায় নমঃ
ঘুনুচা-কীৰ্ত্তন।

শ্লোক।

শ্ৰীকৃষ্ণায় বাসুদেবায় দৈৱকী নন্দনায় চ।
নন্দগোপকুমাৰায় গোবিন্দায় নমো নমঃ॥ ১
নমঃ পঙ্কজনাভয় নমঃ পঙ্কজমালীনে।
নমঃ পঙ্কজনেত্ৰায় নমস্তে পঙ্কজাঙ্ঘয়ে॥২
বসুদেৱসুতং কৃষ্ণং কংস চাণুৰ মৰ্দ্দনং।
দৈৱকী হৃদয়ানন্দং শ্ৰীকৃষ্ণং বন্দে জগদ্‌ গুৰুম্॥৩

ঘোষা।

চলি যায় প্ৰভু জগন্নাথ ঘুনুচা যাত্ৰা কৰিয়ে।
সমস্ত জগতে বেড়ি বেড়ি চায়ে
শকট ওপৰে হৰি॥১॥


দুলড়ী।

নমো জগন্নাথ চিত্ত স্থিৰ কৰি
কায় বাক্যে সম্বোধয়।
যাৰ পাদ পদ্ম চিন্তন মাত্ৰকে
সংসাৰ বন্ধ এড়ায়॥