সমললৈ যাওক

পৃষ্ঠা:ঘুনুচা-কীৰ্ত্তন.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘুনুচা কীৰ্ত্তন

ফলাহাৰ কৰি তুষ্ট ভৈল দেৱহৰি।
চলিল শকট খান পুনঃ শীঘ্ৰ কৰি॥২১
লৱড়া লৱড়ি কৰি চলে প্ৰজাগণ।
পৰম উৎসৱে কৰে কৃষ্ণৰ কীৰ্ত্তন॥
এহিমতে চলি যান্ত জগত ঈশ্বৰ।
দিবা অৱসানে পাইলা ঘুনুচাৰ ঘৰ॥২২
যদ্যপি ঘুনুচা-বাড়ী দণ্ড দুইৰ পথ।
তথাপি দিনেকে তাত গৈল জগন্নাথ॥
ইন্দ্ৰদ্যুম্ন ৰাজা পূৰ্ব্বে মহা স্নেহ কৰি।
কৃষ্ণক দৌলত নিয়া থাপিল সাদৰি॥২৩
ঘুঞ্চা নামে জীউ খানি সৰ্ব্ব সৌভাগিনী।
কৃষ্ণক দিলন্ত বিহা বিধিৱতে আনি॥
সৰ্ব্ব সুলক্ষণী কন্যা গুণত চাতুৰী।
সাক্ষাতে ভৈলন্ত যেন লক্ষ্মী অৱতৰী॥২৪
কৃষ্ণৰ পৰম প্ৰিয়া ঘুনুচা সুন্দৰী।
তাহান নগৰ ৰঙ্গে পাইলা দেৱ হৰি॥
আগ বাঢ়ি কৃষ্ণক আনিয়ো এহি ঠাৱ।
শুনিয়া পৰিচাগণে কৰন্ত উৎসৱ॥ ২৫
নানা বস্তু লৈয়া আইলা যত নাৰী নৰ।
বান্ধৱক আগ বাঢ়ি চলিলা সত্বৰ॥