সমললৈ যাওক

পৃষ্ঠা:ঘুনুচা-কীৰ্ত্তন.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘুনুচা কীৰ্ত্তন

ঘোষা।
জগন্নাথ হৰি নিয়ো দাস কৰি॥২॥
পদ।

এহিমতে জগন্নাথ নিজ দৌল ছাড়ি।
কৌতূহলে চলি যান্ত ঘুনুচাৰ বাড়ী।
গোপগণে শকট আজুড়ি নেয় বলে।
কীৰ্ত্তন কৰিয়া যায় পৰিচাসকলে॥১৭
উৎসৱ কৰিয়া যায় প্ৰজা নিৰন্তৰ
আতি অনন্তৰে প্ৰভু জগত ঈশ্বৰ॥
বেলা ভৈল প্ৰহৰেক দেখি দেৱ হৰি।
লাগি গৈল ক্ষুধা তনু কাম্পে তৰতৰি॥১৮
ৰহিল শকট খান আগক নচলে।
শৰীৰৰ বল দিয়া আজোড়ে গুৱালে॥
হেন দেখি জিজ্ঞাসিলা পৰিচাসকল।
জানিলেক ফলাহাৰ বেলা আসি ভৈল॥১৯
অনন্তৰে দধি মধু ঘন ক্ষীৰ ঘৃত।
দিব্য দ্ৰব্য চিনি চিড়া গুড় পঞ্চামৃত॥
আনো নানা ভোগ্য বস্তু আন উপহাৰ।
আনন্দে কৃষ্ণক কৰাইলেক ফলাহাৰ॥ ২০
সুবৰ্ণ ভৃঙ্গাৰ দিয়া মুখ পখালিলা।
কৰ্পূৰ তাম্বুল আনি মুখশুদ্ধি দিলা॥