পানী উভতি গ’লে পলস পেলাই যোৱা ঘৰ-বাৰী ঘূৰাই পায়। কিন্তু পাৰ
ভাঙি নদীৰ গতিপথ সলনি হ’লে, মাটি খহাই নিলে অকল ভূগোলৰে
নহয়, সমাজ-জীৱনৰ মানচিত্ৰ সলনি হৈ যায়। চৌধ্য পুৰুষৰ ভেটি-মাটি,
ঘৰ-বাৰী, প্ৰতিৱেশী, গৰু-ম’হ, সঞ্চিত ধন-সম্পত্তি সকলো হেৰুৱাই মানুহ
নিঃস্ব হৈ পৰে। হৈ পৰে অকলশৰীয়া, ছিন্নমূল আৰু উদ্বাস্তু। গৰিমা,
পৰম্পৰা, জীৱন-যাপনৰ সংস্কৃতি সকলো হেৰুৱাই পেলায়। অতীত,
বৰ্তমান, ভৱিষ্যত খহনীয়াত জাহ যায়।
গৰাখহনীয়াৰ কাৰণ :
বানপানী যেন অসমৰ বাবে কোনো নতুন কথা নহয় - বছৰেকীয়া
দুৰ্যোগ। বাৰিষা কেইদিনমান ধৰি একেৰাহে বৰষুণ হ’লে নদীৰ পানী বাঢ়ি
পাৰ ভাঙি গাঁও-ভূই উটুৱাই নিয়ে। বিশেষকৈ কিছুমান এলেকাত প্ৰতি
বছৰে বান অহাটো যেন এক পূৰ্ব নিৰ্ধাৰিত কথা। কিন্তু বানে যেতিয়া
ভৰিৰ তলৰ মাটিকণো খহাই নিয়ে, তেতিয়া আৰু হেৰুৱাবলৈ একো
বাকী নাথাকে। অসমত বাৰিষাৰ এই দুৰ্যোগৰ কাৰণ হিচাপে নিৰ্ধাৰণ
কৰিব পাৰি - অসমৰ ভূ-প্ৰাকৃতিক গঠন, উচ্চ বৃষ্টিপাত, ঢাল (slope)
বা নতিৰ প্ৰকৃতি, ভূমিকম্প, বনাঞ্চল ধ্বংস আৰু ত্ৰুটিপূৰ্ণ মথাউৰি ইত্যাদি।
চৌপাশে পৰ্বতেৰে আগুৰা অসমৰ ভূ-প্ৰাকৃতিক গঠন বৈশিষ্ট্যপূৰ্ণ।
পূবে নামনি হিমালয়ৰ পাৰ্বত্য অঞ্চল, দক্ষিণে কাৰ্বি পাহাৰ, খাচিয়া-জয়ন্তীয়া
পাহাৰ আৰু গাৰো পাহাৰৰ সমান্তৰালভাৱে আছে - ভূটান পৰ্বতমালা।
এনে পৰ্বতমালাৰে পৰিৱেষ্টিত কোমল মাটিৰ সমতলভূমি হ’ল ব্ৰহ্মপুত্ৰ
উপত্যকা। বাৰিষা বংগোপসাগৰৰপৰা বৈ অহা মৌচুমী বায়ু এই
পৰ্বতলানিত বাধাপ্ৰাপ্ত হোৱা বাবে এই অঞ্চলত অধিক বৃষ্টিপাত হয়।
বৃষ্টিপাতৰ ফলত পৰ্বতলানিৰপৰা বৈ অহা জলস্ৰোতে নামনিৰ নৈ-