সমললৈ যাওক

পৃষ্ঠা:গৰাখহনীয়া। ড° অনুৰাধা শৰ্মা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬/ গৰাখহনীয়া
 

ইতিহাসক ৰজা-মহাৰজাৰ কাহিনী, যুদ্ধ-বিগ্ৰহ আৰু ৰাজনীতি সৰ্বস্বতাৰ পৰা মুক্ত কৰিবৰ চেষ্টা কৰিছে। তথাপি কালৰ বুকুত হেৰাই গৈ আছে - অখ্যাত মানুহৰ ব্যথাভৰা কাহিনী। উদ্ধাৰ হোৱা নাই এতিয়াও সত্যৰ আঁৰৰ সত্য। কাৰণ কাহিনীৰ মাজত কাহিনী আছে, কাহিনীৰ আঁৰৰ কাহিনী আছে, কাহিনীৰ হাতত ধৰি আহে অলেখ কাহিনী। হেৰাই যোৱা গাঁওখনৰ মানুহখিনিৰো আছে খহনীয়াই সৃষ্টি কৰা অলেখ কাহিনী।

বৰ্ষাৰ বিধ্বংসী ৰূপ :
 বৰ্ষা ঋতুৰো আছে এক অনন্য সৌন্দৰ্য। ইয়াৰ সৌন্দৰ্যই সকলোকে মোহিত কৰে। সেয়ে ইয়াৰ সুন্দৰ ৰূপক লৈ কবিয়ে কবিতা লিখিছে, গীতিকাৰে লিখিছে গীত। কিন্তু বৰ্ষাৰ এক বিধ্বংসী ৰূপো আছে। এই বিধ্বংসী ৰূপে গাঁও-চহৰৰ ছবি সলাই দিয়ে। বান আহে, নদীৰ পাৰ ভাঙে,