সমললৈ যাওক

পৃষ্ঠা:গৰাখহনীয়া। ড° অনুৰাধা শৰ্মা.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গৰাখহনীয়া/৫
 

সি। ইঘৰ-সিঘৰত ইটো-সিটো সহায় কৰি দিয়ে, খায়ো, থাকেও। অকল মাক-দেউতাক, বায়েক-পেহীয়েক, ঘৰ-বাৰীয়েই যে হেৰুৱালে তেনে নহয়; স্কুললৈ যোৱা, খেলা-ধূলা কৰা, এটা স্বাভাৱিক শিশুৰ জীৱন আৰু তাৰ ভৱিষ্যতৰ সপোন সকলো খহনীয়াত জাহ গ’ল।

দৃশ্যপট - ৩
 মানুহজনৰ নাম আবেদুৰ ৰহমান। ঘৰ ধুবুৰী জিলাত। নদীপৰীয়া কৃষক। নদীপৰীয়া মানুহে নদীখনক ভয় নকৰে। নদীৰ লগতেই থাকে জীৱন-যাত্ৰা। আবেদুৰ ৰহমানৰো সেয়ে বাৰিষাৰ নদীখনলৈ ভয় নাই। নদীৰ মায়া সি নুবুজে, কিন্তু নদীখনৰ প্ৰতি তাৰ মোহ অপাৰ। বান আহে। ধাহি-ধুহি নিয়েগৈ - সেউজীয়া পথাৰ। হাত-সাবটি বহি নাথাকে সি। খৰালি ফুলা সৰিয়হডৰা দেখাৰ লগে লগে পাহৰি যায় বাৰিষাৰ দুখ। পিছে দিনবোৰ সদায় একেদৰে নাযায়। খেতিৰ মাটিডোখৰেই ব্ৰহ্মপুত্ৰৰ বুকুত হেৰাই গ’ল। দিশহাৰা হৈ পৰিল সি। কৃষিভূমি হেৰুৱাই বাহিৰ নেদেখা আবেদুৰ ৰহমান ঠিকাদাৰৰ লগত কাম কৰিবলৈ ৰেলত উঠি ডিবৰু পালেগৈ। ‘দেশী ভাষা’ কোৱা আবেদুৰ ৰহমান হৈ পৰিল ‘সন্দেহযুক্ত নাগৰিক’। কোনো কাগজ-পত্ৰ নাই তাৰ ওচৰত। হাজিৰা কৰিবলৈ আহোঁতে কি কাগজনো লগত লৈ আহিব সি? লিখিব-পঢ়িব নজনা আবেদুৰ ৰহমান সোমাই পৰিল আন এক জটিলতাত। ভূমিহাৰা আবেদুৰ ৰহমানৰ অকল জীৱীকাই নহয়, তাৰ পৰিচিতিও যেন খহনীয়াত হেৰাই গ’ল।

 নদীৰ বুকুত জাহ যোৱা মানুহৰ কাহিনীৰ ইতিহাস আমাৰ ওচৰত নাই; কাৰণ ইতিহাসত মাত্ৰ ‘ডাঙৰ’ মানুহৰ ‘ডাঙৰ কথাই স্থান পায়। ক্ষুদ্ৰ, প্ৰান্ত বা দৰিদ্ৰজনৰ কথাৰ কোনো ইতিহাস নাথাকে। অৱশ্যে, সমাজ ইতিহাসে ‘বাদ পৰি থকা’ সকলৰ কথাও বিবেচনা কৰিবলৈ লৈছে,