বৰমূৰীয়াসকলৰ, নেতাসকলৰ মূল্যবোধৰ ক্ষেত্ৰতো সৃষ্টি হৈছে ব্যাপক
গৰাখহনীয়া। নৈতিকতাৰ অৱক্ষয়ে ভয়ানক ৰূপ ধৰি গৰাখহনীয়াত ভেটি
উছন যোৱা সকলৰ ভৱিষ্যত অন্ধকাৰ কৰি দিব বিচাৰিছে। কাৰণ দুৰ্নীতি
আৰু ভ্ৰষ্টাচাৰ আমাৰ সমাজ জীৱনৰ এই খহনীয়াই অভাৱনীয় ৰূপ ধাৰণ
কৰি সামূহিক কল্যাণৰ সকলো পথ ৰুদ্ধ কৰি দিছে৷ সেয়ে এই সকলোৰে
প্ৰতি জনসাধাৰণ সজাগ হোৱাটোৱে প্ৰথম প্ৰয়োজনীয় কথা।
খহনীয়া প্ৰতিৰোধৰ বাবে ভুক্তভোগীসকল সংগঠিত হৈ ৰাজ্যভিত্তিক
এক আন্দোলন গঢ়ি তুলিব লাগিব। বানপানী আৰু গৰাখহনীয়াত
পীড়িতসকলে আঞ্চলিক ভিত্তিতহে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে,
ঐক্যবদ্ধভাৱে ৰাজ্যভিত্তিক সামূহিক প্ৰতিবাদ হোৱা নাই। ইয়াৰ বাবে সকলোকে
সচেতন কৰি তোলাটো প্ৰয়োজনীয়। খহনীয়াৰ পৰা দূৰত থকা নাগৰিক
সকলৰ মাজতো এই মৰ্মস্পৰ্শী উপলব্ধি জগাই তোলাতো জৰুৰী। তদুপৰি
এইটো লক্ষ্যণীয় যে অসমৰ বিভিন্ন সমস্যাৰাজি, যেনে - বিদেশী প্ৰব্ৰজন,
বৃহৎ নদীবান্ধ আদি কোনোটোৱেই কম গুৰুত্বপূৰ্ণ নহয়; কিন্তু দুৰ্নীতি আৰু
নৈতিক দায়ৱদ্ধহীনতা এনে এক শক্তিশালী বাধা যে যাৰ বাবে কোনো
সমস্যাৰে সমাধান সম্ভৱ নহয়। সেয়েহে স্বাৰ্থান্ধ ৰাজনৈতিক আমোলাসকল
আৰু সুবিধাবাদী সকলক গণশক্তিয়ে বাধ্য কৰাব পাৰিব লাগিব— নৈতিক
মূল্যবোধক সন্মান কৰিবলৈ। নহ’লে সকলো সমস্যাই নতুন নতুন ধৰণে
মোৰ লৈ থাকিব আৰু সমস্যাক লৈ ৰাজনীতি কৰা চামটোহে উপকৃত হ'ব।
সেয়ে গণ জাগৰণ অতি প্ৰয়োজনীয়।
✰✰✰✰