সমললৈ যাওক

পৃষ্ঠা:গৰাখহনীয়া। ড° অনুৰাধা শৰ্মা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০/গৰাখহনীয়া
 

বিভিন্ন প্ৰকল্প, মথাউৰি নিৰ্মাণ আদিৰ কামবোৰে বিশ্বাসযোগ্যতা হেৰুৱাইছে। গতিকে ইতিপূৰ্বে ঘটি থকাৰ দৰে ৰাজহুৱা ধনৰ যাতে অপচয় নঘটে তাৰ বাবে বিকল্প নীতি অতি প্ৰয়োজনীয়।
 গৰাখহনীয়া প্ৰতিৰোধৰ বাবে এই সমগ্ৰ বিষয়টোৰ গৱেষক, বিশেষজ্ঞ সকলৰ পৰামৰ্শ আৰু মতামত গ্ৰহণ কৰা উচিত। তেওঁলোকে আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিত সুপৰিকল্পিতভাৱে আগবাঢ়িলে এই সমস্যা সমাধানৰ পথ মুকলি হ'ব বুলি আশা কৰিব পাৰি। নিঃসন্দেহে ইয়াৰ বাবে চৰকাৰৰ জনকল্যাণমুখী মনোভাব, সমস্যা সমাধানৰ প্ৰতি আগ্ৰহ আৰু স্বচ্ছ দৃষ্টিভংগী প্ৰয়োজনীয়।

এক জাগৰণৰ প্ৰয়োজন :
 নদীৰ লগতে জড়িত নদীপৰীয়া মানুহৰ জীৱনৰ ভঙা-গঢ়া। কিন্তু এক লহমাতেই গোটেই জীৱন চৰ্যাৰ সুস্থিৰ ছন্দ সলনি হৈ যায়। সেয়ে খহনীয়া কেৱল ভূমিতেই নহয়, খহনীয়া হয় গ্ৰাম্য সমাজ দৰ্শনৰ, খহনীয়া হয় যুগ যুগ ধৰি চলি অহা মানুহৰ সভ্যতাৰ। সেয়ে সমস্যা মাত্ৰ ঘৰ হেৰুওৱাৰ, মাটি হেৰুওৱাৰ নহয়, এটাৰ পিছত এটাকৈ হেৰুওৱাৰ শৃংখল আৰম্ভ হয়। সেয়ে খহনীয়াৰ ৰূপ সৰ্বাত্মক।
 খহনীয়াত সৰ্বস্ব হেৰুওৱা এই লক্ষ্য লক্ষ্য মানুহৰ প্ৰতি চৰকাৰৰ ভূমিকা নগণ্য। জীয়াই থকাৰ অধিকাৰ, শিক্ষা, স্বাস্থ্যৰ অধিকাৰ, খোৱা-পিন্ধাৰ অধিকাৰ সকলো খৰ্ব হয়। তেওঁলোকক যিয়ে পৰিচালনা কৰে, সেই প্ৰতিনিধিসকলে তেওঁলোকক গৰু ছাগলীৰ দৰে গণ্য কৰে। তেওঁলোকৰ ওচৰত ভোটৰ মূল্য আছে, মানুহৰ জীৱনৰ মূল্য নাই। সেয়ে ক’ব পাৰি আজি অসমৰ জনজীৱনত গৰাখহনীয়া অকল নদীয়েই সৃষ্টি কৰা নাই, গৰাখহনীয়াৰ সৃষ্টি কৰিছে ৰাজনীতিয়েও। শাসনৰ বাঘজৰী লোৱাসকলৰ