সমললৈ যাওক

পৃষ্ঠা:গৰাখহনীয়া। ড° অনুৰাধা শৰ্মা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গৰাখহনীয়া/২৯
 

গৰাখহনীয়াৰ প্ৰকোপ হ্ৰাস পাব। বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ দুয়োপাৰে বিভিন্ন সুবিধাজনক স্থানত জলাধাৰ নিৰ্মাণ কৰি বাৰিষা তাত অতিৰিক্ত পানীৰ একাংশ জমা কৰি ৰাখিলে বানপানী আৰু গৰাখহনীয়া কিছু পৰিমাণে ৰোধ কৰা যায়। এই জলাধাৰত মাছৰ খেতিও লাভজনক ব্যৱসায়ত পৰিণত হ’ব। ঠিক সেইদৰে সঠিকভাৱে পৰিকল্পিত জলসিঞ্চন ব্যৱস্থায়ো নদীৰ অতিৰিক্ত পানী জমা কৰি প্ৰয়োজনীয় সময়ত ব্যৱহাৰ কৰিব পৰা যাব আৰু ইয়াৰ দ্বাৰা কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি পাব।
 ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত গেদ জমা হৈ তৰাং হোৱা বাবেই বাৰিষা বৰষুণ হ'লেই নদী ভৰি যায় আৰু বান-গৰাখহনীয়াৰ সৃষ্টি কৰে। ইয়াৰ প্ৰতিৰোধৰ বাবে নদীৰ দুয়োপাৰে পৰিকল্পিতভাৱে বৃক্ষৰোপণ কৰিব পাৰি আৰু স্থান বিশেষে ভূমি সংৰক্ষণৰ বাবে বিভিন্ন তৃণ জাতীয় উদ্ভিদ ৰোপণ কৰিব পাৰি। তদুপৰি, ব্ৰহ্মপুত্ৰৰ তলি খননো গৰাখহনীয়া ৰোধৰ এক প্ৰকৃষ্ট উপায়। ড্ৰেজাৰেৰে খনন কাৰ্য অব্যাহত ৰাখিলে নদীৰ বহন ক্ষমতা বৃদ্ধি পাব আৰু পানীৰ সোঁত পোন হৈয়ো থাকিব। এই ব্যৱস্থাৰ ফলস্বৰূপে জলপৰিবহন ব্যৱস্থাও অধিক সুচল হৈ পৰিব।
 বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা মথাউৰিৰ ব্যৱস্থায়ো খহনীয়া আৰু বানপানী ৰোধ কৰিব পাৰে। বিশেষকৈ স্পৰ্শকাতৰ খহনীয়া এলেকাত শিলৰ স্পাৰ বুলহেড আদিৰ নিৰ্মাণ কৰিব পাৰি। অৱশ্যে এই কামৰ দায়িত্ব নিৰ্ভৰযোগ্য, অভিজ্ঞতাসম্পন্ন ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় নিৰ্মাণ সংস্থাকহে দিয়া উচিত হ’ব। আৰু এই নিৰ্মাণ কাৰ্যৰ গুণগত মান সম্পৰ্কে বিশেষজ্ঞ কমিটিয়ে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। এই বিষয়টোৰ ওপৰত এইবাবেই গুৰুত্ব দিয়া উচিত কাৰণ মথাউৰি বন্ধাৰ নামত ইতিমধ্যে এটা শ্ৰেণী বিশেষভাৱে লাভবান হৈছে। স্থানীয় ঠিকাদাৰ, চৰকাৰী বিষয়া, অভিযন্তা আৰু কিছুমান বিশেষ নিৰ্মাণ সংস্থাই কৰি অহা জলসম্পদ ব্যৱহাৰৰ