সমললৈ যাওক

পৃষ্ঠা:গৰাখহনীয়া। ড° অনুৰাধা শৰ্মা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮/গৰাখহনীয়া
 

পৰামৰ্শ লৈ বিভিন্ন প্ৰচেষ্টা হাতত ল’ব পাৰি। কিন্তু তাৰ আগতে অসমৰ বান-গৰাখহনীয়াৰ সমস্যাটোৱে ৰাষ্ট্ৰীয় সমস্যাৰূপে গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰা উচিত। তেতিয়াহে কেন্দ্ৰীয় চৰকাৰে এই সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব আৰু প্ৰয়োজনীয় পুঁজি আবণ্টন দিব। কিন্তু সেই পুঁজি যাতে সঠিকভাৱে খৰচ হয় তাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। কিয়নো এই ক্ষেত্ৰত ৰক্ষকেই ভক্ষক হোৱা দেখা যায়। যিসকলৰ হাতেৰে কামটোৰ নামত ধনৰাশি আহে সেইসকলে কাগজে কলমে ধন খৰচ হোৱা দেখুৱাই ভাগ বতৰা কৰি নিজৰ পকেটত ভৰায়। গতিকে প্ৰতিটো প্ৰকল্পতে ধন খৰচৰ সম্পূৰ্ণ তথ্য ৰাজহুৱা কৰা উচিত, তেতিয়াহে যাতে প্ৰকল্পটো সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰা হয় আৰু এই ক্ষেত্ৰত শুদ্ধ তথ্য নিদিলে শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰা উচিত।
 উচ্চ ক্ষমতাযুক্ত ব্ৰহ্মপুত্ৰ উপত্যকা বান-গৰাখহনীয়া আয়োগ এখন গঠন কৰি এই আয়োগৰ বিচাৰৰ দায়িত্বভাৰ অৰ্পণ কৰিলে কামবোৰ সুচাৰুৰূপে হ'ব বুলি আশা কৰিব পাৰি। বান-গৰাখহনীয়াৰ বিষয়টো আয়োগে সামগ্ৰিকভাৱে অধ্যয়ন কৰি প্ৰতিটো দপ্তৰ আৰু কাম-কাজ বিচাৰ কৰি বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনৰ আধাৰত কামত আগবাঢ়িলে কেতবোৰ সমস্যা সামাধান নিশ্চয় হ’ব। অৱশ্যে নিৰ্দিষ্ট সময়ৰ ভিতৰত যাতে কাম সম্পন্ন হয় সেই কথাও আয়োগৰ নখ দৰ্পণত থাকিব লাগিব। আয়োগ যাতে ব্ৰহ্মপুত্ৰ ব’ৰ্ড, জলসম্পদ বিভাগ আদিৰ দৰে বগাহাতীত পৰিণত নহয় সেইটোও বিশেষভাৱে লক্ষ্য ৰাখিব লাগিব।
 বানপানী আৰু গৰাখহনীয়াৰ প্ৰকোপ হ্ৰাস কৰিবলৈ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহক সামৰি বহুমুখী আঁচনি কিছুমান যুগুত কৰি সেই মতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। জল সংৰক্ষণ, জলাধাৰ নিৰ্মাণ, জলসিঞ্চন আদি ব্যৱস্থাৰে জলসম্পদৰ সঠিক ব্যৱহাৰ কৰিলেও বানপানী আৰু