জীৱন-যাপনৰ সৰ্বস্ব হেৰুৱাই তেওঁলোকে কৰ্ম আৰু সংস্থাপন বিচাৰি
অন্য ঠাইলৈ ঢাপলি মেলিব লগা হয়। ল’ৰা-ছোৱালীয়ে পঢ়া-শুনা আধাতে
এৰিব লগা হয়। ছোৱালীৰ বিয়াৰ বাবে সঁচা ধন খোৱা-পিন্ধাত খৰচ
কৰিব লগা হয়। পেটৰ ভাত মুঠি মোকোলোৱাই যেতিয়া প্ৰধান সমস্যা
হৈ পৰে, আন কোনো কথা ভবাৰ অৱকাশ নাথাকে। বহুসময়ত মহিলা
যুৱতী উপায়হীন হৈ দেহ ব্যৱসায়তো নামিব লগা হয়, ল’ৰা-ছোৱালীক
পঢ়া-শুনা এৰুৱাই থ’ব লগা হয় আনৰ ঘৰত কাম কৰাকৈ। চৌধ্যবছৰৰ
তলৰ ল’ৰা-ছোৱালীক শ্ৰমিক হিচাপে নিযুক্ত কৰাতো আইন বিৰোধী
হ’লেও, পেটৰ ভাত মুঠিটো আইনে যোগাৰ কৰি নিদিয়ে। এজন খাওঁতা
কমিলেও পৰিয়ালটোৱে সকাহ পায়। সংসাৰখনৰ জোৰা মাৰিবলৈ
কেইটামান টকা আহেও। চৌপাশৰপৰা এনে সমস্যাবোৰ আহে যে
পৰিয়ালৰ ভৰণ-পোষণ দিয়াটোৱে কষ্টকৰ হৈ উঠে। মানুহৰ মন-মানসিকতা তেতিয়া ভাঙি যায়। বহু সময়ত মানুহ বিপথগামী হয়।
এখন গাঁও গৰাখহনীয়াত জাহ যোৱা বা নদী ভাঙোনত এখন গাঁও ভাঙি
যোৱা মানে সেই গাঁৱৰ সমাজ, সভ্যতা, সম্পদ, জাতি-ধৰ্মৰ সমন্বয়, ঐতিহ্যময়
শিল্প, অনুষ্ঠান-প্ৰতিষ্ঠান, উছৱ-পাৰ্বণ সকলোবোৰেই খহনীয়াত জাহ যায়।
সেয়ে খহনীয়াত অকল ভূমিখণ্ডৰে ক্ষয় নহয়,ই সাংস্কৃতিক অৱক্ষয়ৰো কাৰক।
প্ৰতিকাৰ নাই নে গৰাখহনীয়াৰ :
কৃষিনিৰ্ভৰ অসমৰ বৃহৎ ভূমিখণ্ড জাহ যোৱাৰ পিছত আৰু প্ৰায় পাঁচলাখ
কৃষক ৰাইজ ভূমিহীন হোৱাৰ পিছত ৰাজ্যখনত সেই সমস্যাই যিধৰণে
গুৰুত্ব পাব লাগিছিল, সেয়া পোৱা নাই। চৰকাৰী উদাসীনতা, বিৰোধী
দলৰ উদাসীনতাইও গোটেই সমস্যাটোক প্ৰতিকাৰহীন কৰি পেলাইছে।
অট্টালিকাত থকা জনে গৃহহাৰাৰ কথা বুজিব নোৱাৰে, যিদৰে নোৱাৰে