এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গৰাখহনীয়া/১৯
অঞ্চলটোত আছে ইচলামধর্মী লোকসকল। গোমাফুলবাৰী। ইয়াতেই
১৯৪২ চনত স্থাপিত হৈছিল ব্ৰহ্মপুত্ৰ উপত্যকাৰ দ্বিতীয়খন ইচলামিক
শিক্ষানুষ্ঠান। বর্তমান অঞ্চলটোৰ প্ৰায় দহখন এনেধৰণৰ শিক্ষানুষ্ঠান আছে।
বহৰি অঞ্চল ধৰ্মীয়ভাৱে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ ক্ষেত্ৰ।
ঐতিহাসিকভাৱে বৈষ্ণৱ ধৰ্মৰ পীঠস্থান। কিন্তু তাতকৈও ডাঙৰ কথা এই
অঞ্চলটোৰ অৰ্থনৈতিক গুৰুত্ব। ঔপনিৱেশিক শাসনৰ কালতে অঞ্চলটোৰ
ভৌগোলিক আৰু অৰ্থনৈতিক গুৰুত্বৰ কথা বুজি বৃটিছসকলে বহৰিৰ
পৰা আঠ কিলোমিটাৰ দক্ষিণে এটি বৃহৎ জাহাজঘাট স্থাপন কৰিছিল।
নাম আছিল খোলাবন্ধা জাহাজঘাট। এই জাহাজঘাটোৰ বাবেই এটা সময়ত
কলকতা /ঢাকাৰ পৰা বিভিন্ন ব্যৱসায়িক গোষ্ঠী ইয়ালৈ আহিছিল। লাহে
লাগে এই জাহাজঘাটৰ জড়িয়তে ব্যৱসায়-বণিজ সম্প্ৰসাৰিত হৈছিল।
বস্তু-বেহানিৰ সৰবৰাহ বাঢ়িছিল। ব্যৱসায়িক প্রয়োজনীয়তা পূৰাবলৈ