সমললৈ যাওক

পৃষ্ঠা:গৰাখহনীয়া। ড° অনুৰাধা শৰ্মা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গৰাখহনীয়া/১৭
 

কটাইছে। কিছুলোকে জীৱীকাৰ সন্ধানত ঢাপলি মেলিছে অন্য ঠাইলৈ। চৰকাৰী তথ্যমতে ২০০১ চনৰপৰা ২০১০ চনৰ ভিতৰত অৰ্থাৎ দহবছৰত ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগ আৰু কেন্দ্ৰীয় চৰকাৰৰ ব্ৰহ্মপুত্ৰ ব’ৰ্ডে গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাম কৰি থকা সময়তে ১৬৪৮.৩৫৪ হেক্টৰ কৃষিভূমি নদীৰ বুকুত জাহ গৈছে; উছন গৈছে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ২৫২৯ টা পৰিয়ালৰ ভেটি-মাটি। ১৯৬৯ চনৰপৰা ২০১০ চনলৈকে প্ৰতি বছৰে গঢ়ে ২৩৯ ঘৰ মানুহে ভেটি-মাটি হেৰুৱাইছে। মাজুলীৰ সোণোৱাল কছাৰীৰ পৰা শালমৰালৈকে থকা মথাউৰি, দক্ষিণপাট কুমাৰ গাঁৱৰপৰা চুচৈমাৰি মথাউৰি, বেঙেনাআটি - ভোগপুৰ মথাউৰি, সোণোৱাল পোহাৰ দিয়া মথাউৰি, কমলাবাৰী ৰিটায়েৰমেন্ট বান্ধ, লাহতি ছিগাৰ মথাউৰি, কমলাবাৰী ঘাট-পথ, মহকিনা-বৰিটিকা পথ, গোৱালগাঁও কৰতিপাৰ গড়কাপ্তানি পথ, বাঘগাঁও, চামগুৰি সাৰআটি পথ, নামনি মাজুলীৰ মিছামৰা গড়কাপ্তানি পথ আদিত বছৰ বছৰ ধৰি শ-শ গৃহহীন পৰিয়াল বাস কৰি আছে।
 বান আৰু গৰাখহনীয়াত সৰ্বস্ব হেৰুৱাই জীয়াই থকা এই মানুহখিনিক লৈয়ো এটা চামে ৰাজনীতি কৰি আছে; চলাই গৈছে অবাধ লুণ্ঠনৰাজ। দুৰ্নীতি, লুণ্ঠনে স্পষ্ট কৰি তোলে মাজুলীত মানৱীয়তাৰ খহনীয়াৰ আন এক নিৰ্মম ছবি। ১৯৮২ চনৰ ১ এপ্ৰিলত ভাৰত চৰকাৰে গঠন কৰা ব্ৰহ্মপুত্ৰ ব'ৰ্ডখন পৰিণত হৈছে 'এপ্ৰিল ফুল'ত। প্ৰথম অৱস্থাত এই ব’ৰ্ডৰ কাম আছিল উত্তৰ পূৰ্বাঞ্চলৰ জলসম্পদ উন্নয়নৰ বাবে আঁচনি প্ৰস্তুত কৰা, প্ৰকল্প অধ্যয়ন কৰা। পৰৱৰ্তী কালত জলবিদ্যুৎ উৎপাদন, বহুমুখী নদীবান্ধ প্ৰকল্প কাৰ্যকৰণ, স্থান বিশেষত নদী খহনীয়া নিয়ন্ত্ৰণ বা প্ৰতিৰোধী আঁচনি কাৰ্যকৰণৰ দায়িত্ব ন্যস্ত কৰি সেই মৰ্মে কেন্দ্ৰীয় চৰকাৰে মঞ্জুৰী প্ৰদান কৰি আহিছে। মাজুলীবাসী আৰু মাজুলীপ্ৰেমী ৰাইজৰ দাবীত এনে