এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গৰাখহনীয়া/১১
মথাউৰিৰ নামত পইচা আহে। গতিকে মথাউৰি বন্ধা এই খেলখন চলি থাকে। কিন্তু ক্ষতিগ্রস্ত হয় সাধাৰণ মানুহ। আসোঁৱাহপূৰ্ণ মথাউৰি নিৰ্মাণৰ আমি এটা উদাহৰণ দিব খোজোঁ : গহপুৰৰ স্থানীয় ৰাইজে 'সোলেঙী নদী'খনৰ নতুন নাম দিছে 'কোটিটকীয়া নদী’। খৰালি বালিৰে নিৰ্মাণ কৰা মথাউৰি বাৰিষা ভাঙি যায়। আকৌ মথাউৰিৰ নামত কোটি টকা আহে, এইদৰে খৰচ কৰা দেখুৱায়। কিন্তু দুখীয়া ৰাইজৰ দুখ নুগুচে। এয়াই হ’ল মথাউৰি নিৰ্মাণৰ স্বৰূপ ৷
গৰাখহনীয়াত অসম :
নদীৰ পাৰতেই গঢ়ি উঠে মানুহৰ সভ্যতা। অসমৰ ডাঙৰ চহৰবোৰো নদীৰ পাৰতেই গঢ় লৈ উঠা। আনহাতে কৃষিজীৱী আৰু মৎস্যজীৱীৰ জীৱনতো নদীৰ গুৰুত্ব অধিক। নৈপৰীয়া পলসুৱা মাটিতেই শইচৰ গুটি
