পৃষ্ঠা:গুৰুচৰিত.djvu/৮৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গোসানীক চাই বোলে শাশু আই
দুখ নকৰিবা মনে।
বিধিৰ বিপাক জানিবা তাহাক
এৰাইবেক কোন জনে॥
সীতা হন দেৱী ৰামপাৱে সেৱি
নোৱাৰিলে এৰাইবাক।
বিধিৰ লিখিত আছে কপালত
কিমতে এৰাইবা তাক॥ ৩৯৯৫

ছবি



এহি বুলি সতী ৰৈলা ৰাজদূতে লৈয়া গৈলা,
পুৰুষোত্তম লাগে নিল।
ৰাজাৰ নগৰে যাই পাই যেব গৈয়া আই
দুতে নিয়া ভাল কৰি থৈলা॥
ৰাজাৰ আগত যাই কহিলন্ত আঠু লই
বোলে কন্যা আনি দিছো এথা।
ৰাজা ভাল বুলি কৈলা দূত নিজঘৰে গৈলা
শুনা পাচে যেন ভৈলা তথা॥ ৩৯৯৬
আইৰ ভাতৃসব আছে খেদি গৈ পাইলা পাচে
তৈতে যাই লগ ধৰিলন্ত।
মাদৈসকলৰ মেল ধৰিলন্ত তাৰাসবে
তোৰাসবে মাতিবা ৰাজাত॥