পৃষ্ঠা:গুৰুচৰিত.djvu/৮৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এহি বুলি মাধৱ নমাতি যেবে ৰৈলা।
দামোদৰ তেবে উঠি ঘৰে চলি গৈলা
সাধু সভাসদ ইটো কথাক জানিবা।
কদাচিতো শঙ্কৰৰ মতক নেৰিবা ৩৯৮১
হেন জানি গুৰু পাৱে কৰিয়ো ভকতি।
গুৰুবিনে আন কোনে সাধিবেক গতি
গুৰুৰ চৰণ চাপি জাণ্ট কৰি ধৰা।
কৰোহো কাকুতি পৰি বিপাঙ্গে নমৰা ৩৯৮২
পৰম পাতকী মই মন্দমতি হীন।
শঙ্কৰত পৰে মোৰ গুৰু নাহি ভিন
কহে ৰামচৰণে গুৰুৰ পাৱে ধৰি।
নিৰন্তৰে নৰে ডাকি বোল হৰি হৰি ৩৯৮৩


ৰমানন্দৰ বৈকুণ্ঠ প্ৰয়াণ
ছবি
এহিমতে যেবে আছে শুনা যেন ভৈলা পাছে
শঙ্কৰৰ পুত্ৰ ৰমানন্দ।
ভৈলা তান আয়ু ক্ষীণ আহিনৰ ছয় দিন
শুনা তাৰ মিলিল প্ৰমাদ
নপৰা পৰিয়া পাচে দিন চাৰিমান আছে
তাত পাচে বৈকুণ্ঠক গৈলা।