পৃষ্ঠা:গুৰুচৰিত.djvu/৮৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভোগ ভকতিক তুমি পূজা ফলে পাইবা।
কদাচিতো তুমি আৰো আমাক নপাইবা॥ ৩৯৭৫
এহি বুলি মাধৱ নমাতি যেবে ৰৈলা।
দামোদৰ গুৰু শুনি বুলিবাক লৈলা॥
গৃহস্থৰ বন্দী বন্ধা অনেক আছয়।
আজ্ঞা লৈয়া হাল বায়া পথাৰ কৰয়॥ ৩৯৭৬
একদিনা গৃহস্থে বুলিলা হালোৱাক।
ফুৰি যাই দেখাইলন্ত ভূইৰ সীমাক॥
বোলে তই ভালমতে হালক বাইবি।
বতৰ বুজিয়া মাত্ৰ কৃষিক কৰিব্॥ ৩৯৭৭
এহি বুলি তাক যেবে গৃহস্থে পাঞ্চিলা।
তাকো ৰুই বুই পাচে আৰো ভূমি লৈলা॥
পৰম চতুৰ সিটো হালোৱ মহন্ত।
এহি বুলি মাধৱক দিলন্ত সিদ্ধান্ত॥ ৩৯৭৮
মাধৱে বোলন্ত আৰো বুলিবাহা কিক।
জানিলোহো ভৈলা তুমি গুৰুতো অধিক॥
আন গোপগণে থৈলে সীমাক নমাই।
প্ৰলম্বে বলোক নিলা সীমাত চেৰাইলা॥ ৩৯৭৯
গুৰুৰ বাক্যক তুমি সীমাক চেৰাই।
গুৰুতো কৰিয়া তুমি ভকতি বঢ়াইলা॥
বেজী বুলি আঙ্গুলিৰে ফটা কানি শিলা।
ইসব দৃষ্টান্ত মোক তাতে তুমি দিলা॥ ৩৯৮০