পৃষ্ঠা:গুৰুচৰিত.djvu/৮৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সপ্তম খণ্ড

৮৭১

ব্যৰ্থে বহি গৈল মনত নভৈল
 ইসব মোৰ বয়স।
শুনা ৰমানন্দ শঙ্কৰে বোলন্ত
 কৰা তুমি মন থিৰ।
যিবা ধন বিত্ত আছৱ সমস্ত
 মাতৃৰ হাততে তোৰ। ৩৮৮৬
নিয়ে কোনে কাক শুনা বোলো বাক
 পাইবা ধন-বিত্ত সবে।
শুনা ৰমানন্দ কৰিবা আনন্দ
 দুখ কৰা কেনে আবে।
ৰমানন্দ শুনি বুলিলন্ত গুণি
 নোখোজোহো আমি আক।
পৰলোক বিত্ত মাগোহো তোমাত
 দিয়োক বাপ আমাক॥ ৩৮৮৭
হেন বাণী শুনি বুলিলন্ত গুণি
 শঙ্কৰ দেৱতা স্বামী।
কৃষ্ণৰ ভকটি নকৰিলা ৰতি
 নুপুছিলা মোত তুমি।
জানিলো নিশ্চয় আমাৰ তনয়
 জানিলো আজিসে আমি।
নাহিকয় জ্ঞান ভকতিত মন
 নকৰিলা আবে তুমি॥ ৩৮৮৮