পৃষ্ঠা:গুৰুচৰিত.djvu/৮৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাসম্বাৰ সঙ্গী ভক্ত হুইবেক যতেক।
বোলে তাৰাসবে যদুবংশে আসিবেক॥
সাত পুৰুষক লাগি ধৰ্ম প্ৰৱৰ্ত্তিব।
জীয়াৰীৰ পুত্ৰে মোৰ ভকতি ৰাখিব॥ ৩৮২৯
মোৰ সাত পুৰুষৰ যেবে সীমা ৰৈলা।
বৰ দোকান জানা তেবে ভাঙ্গা গৈলা॥
দশম কীৰ্ত্তন পুথি থাকয় যথাত।
জানিবা নিশ্চয় মই থাকোহো তথাত॥ ৩৮৩০
বৃন্দাবনে গোপমুখে অন্নক খোজাইলো।
কৰ্মী ব্ৰাহ্মণৰ সবে গৰ্ব্ব চুৰ কৈলো॥
সেহি বিপ্ৰ আসি আছে ঐত দেখিয়োক।
অনেক বিতণ্ডা বাদ কৰিলেক মোক॥৩৮৩১
ব্ৰাহ্মণৰ বাক্যশৰ প্ৰহাৰৰ খোচে।
হৃদয় কলীয়া পৰি সাঞ্চ বান্ধি আছে॥
আঠ আঙ্গুলক লাগি মজ্জা ভেদি গৈলা।
দেখিলে আমাক কোন কৰ্ম্ম নকৰিলা॥ ৩৮৩২
ধন বস্ত্ৰ দিয়া গীতা শাস্ত্ৰক পঢ়াইলো।
তাহানে মুখত ভক্তি বেকত কৰাইলো॥
যেহেন শৰ্কৰ খুৱাই ছোৱালীসবক।
তেনমতে লোভ লগাই ব্ৰাহ্মণসবক॥ ৩৮৩৩
যেন ভূমি হাবি কাটি মুকলি কৰয়।
তেনমতে বুজা ইটো শাস্ত্ৰতত্ব নয়॥