পৃষ্ঠা:গুৰুচৰিত.djvu/৮৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাহাৰো ঘৰত তুমি নকৰা ভোজন।
কৰিবক নিন্দা শুনি বুলিলো বচন॥
বুলিব মাধৱ কেৱলীয়া উদাসীন।
তাৰ হাতে খাইলা গুৰু নকৰিয়া ঘিণ॥ ৩৮০৭
আমাত কবিয়া সিটো কেন বৰলোক।
এহি বুলি নিন্দা সবে কৰিবেক মোক॥
এতেকতে বাপ মই বোলো হাক বাণী।
মোৰ হাতে অন্ন খোৱা অনুচিত জানি॥৩৮০৮
লোক অপযশ কথা মোৰ বৰ চিন্তা।
আমাৰ বচন বাপ নেদেখিবা তিতা॥
তযু পাত্ৰে ভাত দিৰে মোৰ যোগ্য নাই।
কেনে বোলা অধমৰ হাতে অন্ন খাই॥ ৩৮০৯
কদাচিতে ইটো কাম কৰিবে নোৱাৰো।
ক্ষমা কৰা বাপ দুই চৰণত ধৰো॥
ৰমানন্দ অন্ন সিদ্ধ কৰন্তোক যাই।
কৰন্ত কাকৃতি গুৰু চৰণক চাই॥ ৩৮১০
হেন শুনি ৰমানন্দ অন্ন ৰান্ধিলন্ত।
তিনিখানি পাত পাৰি অন্ন বাঢ়িলন্ত॥
শঙ্কৰে সহিতে পাচে স্নান কৰি আসি।
দুইজনে ভুঞ্জিবে লাগিলা ৰঙ্গে বসি॥ ৩৮১১
এহিমতে তিনিজনে অন্ন ভুঞ্জি আছে।
আধা ভুঞ্জা হুইয়া শুনা যেন ভৈলা পাচে॥