পৃষ্ঠা:গুৰুচৰিত.djvu/৮৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুৰু পুৰোহিত মুখ্য ভক্ত আছে যত।
পুষ্প তাম্বুল অন্ন সবাক দিলন্ত॥ ৩৭৯০
হেন শুনি লোকসব বিষাদ কৰয়।
বোলে জানিলোহো গুৰু উলটি নাসয়॥
এহি বুলি লোক সব কৃতাঞ্জলি কৰি।
মহাদুখ কান্দ চৰণত পৰি পৰি॥ ৩৭৯১
বোল জানিলোহো বাপ নাসিবা ইবাৰ।
অন্ধ ভৈলে আশা ছেদ কৰিলা আমাৰ॥
শঙ্কৰে বোলন্ত কেহো নকৰা ক্ৰন্দন।
নিচুকাইলা বুলি সব প্ৰবোধ বচন॥ ৩৭৯২
অনন্তৰে ভকতক দিলন্ত বিদায়।
হেন দেখি মাধৱৰ মনে সুখ নাই॥
নমস্কাৰ কৰি পাৱ নমিলম্ত যাই।
বোলে তুমি বিনে মোৰ বন্ধু আন বন্ধু নাই॥ ৩৭৯৩
মোক এৰি বৈকুণঠলোকক যাইবা তুমি।
নিশ্চয় কৰিয়া আক জানিলোহা আমি॥
শঙ্কৰে বোলন্ত তুমি নকৰিবা দুখ।
বস্ত্ৰ ধৰি মাধৱৰ মুচিলন্ত মুখ॥ ৩৭৯৪
গণককুছিক লাগি দিলন্ত বিদায়।
ক্ষত্ৰক যাইবোহো আমি তোমাক জনাই॥
এহিমত সুখ দুখ মাধৱদৱ ৰৈল।
আপুনাৰ ঘৰ বহি শঙ্কৰ ৰহিল॥ ৩৭৯৫