কিনো জ্ঞানহীন মূৰ্খ নৰ অজ্ঞানী পাষণ্ড খইচোৰ
দুই চক্ষু খাই ঈশ্বৰ কৃষ্ণ নভজে॥
মূল বিত্তখানি হৰুৱাই ফুৰে পাপীসৱে কাঠ খাই
দেখিয়ো নেদেখে মহামোহে ভৈল অন্ধ।
ৰাজমাৰ্গ এৰি সোমাই বন বাট নাপাই ফুৰে কণা হেন
পৰম পাষণ্ড নাহি ভকতিৰ গোন্ধ॥ ৩৭৭৮
ঈশ্বৰ কৃষ্ণৰ জন্ম জাতি শুনা সৰ্ব্বজনে কাণ পাতি
আদি অন্ত তাৰ কহিবেক কোন জন।
তাহান মহিমা নাজানয় কুল ক্ৰিয়া যিটো বিচাৰয়
শাস্ত্ৰৰ সন্মত জানা সিটো ভাগ্যহীন॥
কুৎচিত শূকৰ ৰূপ ধৰি আনি পৃথিবীক দেৱহৰি
শূকৰ বুলিয়া তাহাঙ্ক কোনে নকহে।
পাৰ গুণ পায়া ভৱ হৰি তাঙ্ক ফুৰে পাপী নিন্দা কৰি
এতেকে আমাক শূদ্ৰ বুলি কোন কহে॥ ৩৭৭৯
ব্ৰহ্মাতো বিকাৰ দেখে যিটো নৰকে পৰিব গৈয়া সিটো
শাস্ত্ৰৰ টীকাত কহিলো সাৰ সাক্ষাত।
মৎস্য কূৰ্ম্ম নৰসিংহ হৰি কুৎচিত ৰূপক অৱতৰি
তাৰিল ভক্তক নাহিকএ সংশয় আত॥
আঠাইশ সহস্ৰ ঋষি যত সুতমুখে শুনি ভাগৱত
ব্ৰহ্মাসন দিয়া আচাৰ্য্য পাতিয়া লৈলা।
অকূলীন সুত সেৱা কৈলা তাসম্বাৰ জাতি কূল গৈলা
ব্ৰাহ্মণসবৰ শকতি হেন টুটিলা॥ ৩৭৮০
পৃষ্ঠা:গুৰুচৰিত.djvu/৮৩৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে