পৃষ্ঠা:গুৰুচৰিত.djvu/৮২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাজ-পাৰ কৰি খাটে নৌকাক ৰাখিলা।
চিলাৰায় দেৱানক সম্বাদক দিলা॥ ৩৭৩০
শুনি চিলাৰায় ৰাজা আথে বেথ কৰি।
নৌকা হন্তে তুলি নিলা ধুপে দীপে ধৰি॥
চিলাৰায় দেৱানৰ শতেক ৰমণী।
সেৱিলন্ত সকলোৱে বিত-বস্তু আনি॥ ৩৭৩১
একো যোৰা কাপোৰ আৰু টকা ফুল মালা।
হাতে হাতে আনি সবে গুৰুক সেৱিলা।
গুৰুৱেও সেই মালা ললে হাত তুলি।
প্ৰতিজনীকে দিলা কুশল হক বুলি॥ ৩৭৩২
পুৰ্ব্বে আনিছিল মালা জনে একোধাৰ।
গুৰুৱেও দিলা হাতে হাতে সবাকাৰ॥
দেখিলন্ত আবে সবে দুধাৰি বাঢ়িল।
সি দুই ধাৰি মালা গুৰু নিজে মাথে লৈল॥ ৩৭৩৩
তাৰ পিচে ৰাণীসবে প্ৰাৰ্থনা কৰিলা।
এক চিত্ত জানি গুৰু শৰণক দিল॥
পাচে চিলাৰায়ে গই ৰজাত জনাইল।
শুনিয়া ৰাজায় আতি আনন্দ লভিল॥ ৩৭৩৪

 কোচবিহাৰত শ্ৰীগুৰুৰ থান নিৰ্ম্মাণ।
বুলিলা আমাৰ কেনে সৌভাগ্য মিলিল।
শুক্লধ্বজে পাচে ফুলবাৰীত বাস দিল॥