পৃষ্ঠা:গুৰুচৰিত.djvu/৮১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইকথা শুনিয়া দুয়ো গুৰুসেৱা কৰি।
সঙ্গতে থাকিলা সুখে আসিলন্ত ফিৰি॥
এহিমতে মহাৰঙ্গে গুৰুজন আছে।
শুনিয়োক যিবা কথা ভৈলা তাৰ পাচে॥ ৩৬৯৩
কমলোচন পুত্ৰ অতি ৰূপবান।
ৰূপে গুণে দেখিবাক পিতৃৰ সমান॥
একদিন কমলে গাছত উঠি আছে।
বিতোপন ৰূপ সুৰ্য সম জিলিকিছে॥ ৩৬৯৪
ভকতসকলে দেখি বিমোহিত হৈলা।
দেখি সবে সেহি কথা পিতৃ আগে কৈলা।
শুনিয়া গুৰুৱে কথা দেখি বিসঙ্গত।
বুলিলা প্ৰকাশি তাক ভক্তৰ আগত॥ ৩৬৯৫
অপেক্ষা নকৰি সিটো প্ৰকাশ কৰিল।
জানিলোহো তাক মই নাথাকিব ভাল॥
তাৰ মাতৃ আগে কেহো ইকথা নকবা।
মনে দুখ পাব তোৰা মনে গুণি চাবা॥ ৩৬৯৬
অল্প দিন অন্তে কমলৰ মৃত্যু হৈল।
শোকে দুখে মাতৃ তাৰ হৈলন্ত আকুল॥
জ্যেষ্ঠপুত্ৰ ৰমানন্দৰ জন্মিল পুত্ৰ গুটি।
পুৰুষোত্তম নাম থৈল চাই পাজি পুথি॥ ৩৬৯৭
কনিষ্ঠ তনয় আছে হৰিচৰণ নাম।
মাধৱৰ ভাগিনক বিহাইলন্ত তান॥