পৃষ্ঠা:গুৰুচৰিত.djvu/৮১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

টিং ভাঙ্গা কথা আবে সমস্ত কহিলা।
ভক্তসকলৰ কেৱে সত্য নকহিলা॥ ৩৬৮৭
মাধৱে বোলন্ত বাপ পুছা গোবিন্দক।
শঙ্কৰে বুলিলা মিছা মাতি আছে মোক।
মাধৱে কৌশল কৰি গোবিন্দৰ মুখে।
প্ৰকাশ কৰালে সত্য কথা অৱশেষে॥ ৩৬৮৮
শুনি গুৰু আতিশয় ক্ৰোধ কৰিলন্ত।
মিছা কথা সম পাপ নাহি বুলিলন্ত॥
সমুহ ভকত মাজে বুলিলা মিছাক।
এহিসে কাৰণে মই ত্যজিলো তোমাক॥ ৩৬৮৯
শুনিয়া গোবিন্দ দুখে সেৱাক কৰিলা।
কানি কাস্থা ৰান্ধি তেহে বাহিৰে চলিলা॥
দেখি তাৰ ইষ্ট মিত্ৰ ভক্ত একজন।
তালি টোপলাক বান্ধি কৰিলা গমন॥ ৩৬৯০
সুধিলা গুৰুৱে তুমি কিয় যোৱা বুলি।
বুলিলা ভকতে ধৰি চৰণ আকলি॥
অপোনাৰ মুখে বাপ শুনি আছো বাণী।
সুখে দুখে এৰা এৰি নাই দুই প্ৰাণী॥ ৩৬৯১
এতেকতে মোৰ বান্ধৱ যি দিশকে যায়।
গুৰুবাক্য পালি ময়ো যাওঁ সেহি ঠাই॥
কথা শুনি সন্তোষিত হইল গুৰুজন।
বৰ সুখ পালো আবে থাকা দুয়োজন॥ ৩৬৯২