পৃষ্ঠা:গুৰুচৰিত.djvu/৮০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাম নাম দিয়া ধন ভকতৰ পূৰি মন
 ভকতিৰ মেলাত থাকিলন্ত॥ ৩৬৫৫
ফহয় ৰামচৰণ এৰি সবে একমন
 দৃঢ়ে ধৰা গুৰুৰ চৰণে।
সংসাৰ তৰণ হেতু মনে ধৰি ধৰ্ম্মসেতু
 ৰাম ৰাম বুলিয়ো সঘনে॥ ৩৬৫৬



পদ

তাৰ পাচে আৰো কথা শুনা দিয়া মন।
অনন্ত কন্দলি বিপ্ৰ অত্যন্ত গহন॥
দেখি স্বপ্ন তেহো এক সময়ত।
ভোজন কৰিবে লাগে শঙ্কৰ উচ্ছিষ্ট॥ ৩৬৫৭
স্বপ্ন দেখি কন্দলিয়ে উৎকণ্ঠিত হই।
উচ্ছিষ্ট খুজিলে যাই স্বপ্ন কথা কই।
শুনিয়া শঙ্কৰে বোলে অৱগত হুই।
ভাগৱত অৱশেষ যিবা কৰা নাই॥ ৩৬৫৮
তাকে তুমি কৰিবাহা নকৰোহো মই।
এতেকে উচ্ছিষ্ট হব জানা গুৰু এই॥
কথা শুনি কন্দলিয়ে আনন্দ লভিল।
হৰ্ষমন কৰি পুনু পাৰ্থনা কৰিল॥ ৩৬৫৯