পৃষ্ঠা:গুৰুচৰিত.djvu/৮০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বোলে বাপ নখজিবা নিজতে প্ৰমান লোৱা
 একাদশে আছয় সম্মত॥ ৩৬৪৪
শুনি গুৰু তম্ভি ৰইল মন কৰি উত্ৰাৱল
 একাদশ স্কদ্ধ লইলা আনি।
পঢ়ি চাই দেখিলন্ত কোৱা কথা আছে তৈত
 কাটিবে ধৰিল পুথি খানি॥
হেন সময়ত দেখি পাইলা আসি দুই সখি
 সেৱা কৰি বসে কাষৰত।
সুধিলন্ত ইটো তত্ত্ব গুৰু বোলে শাস্ত্ৰ-মত
 শুনিয়া মাধৱে দিলা মাত॥ ৩৬৪৫
প্ৰাৰ্থনা কৰিয়া বোলে স্ৰীগুৰু চৰণ তলে
 প্ৰভু লেখা সবে সত্য হয়।
যেয়ে যিবা অৰ্থ বুজে কৰিলন্ত সামৰাজে
 কলিধৰ্ম্মে নহব অন্যায়॥
নাৰায়ণো কলে মাতি পদ বাৰু হৈছে আতি
 গুৰু বাক্য নহয় খণ্ডন।
অন্নগতা কলি প্ৰাণ শক্তি নাই ব্ৰত ধ্যান
 নামে সাথে সাবাৰে কল্যাণ॥ ৩৬৪৬
নামধৰ্ম্ম প্ৰকাশিয়া সবাকো ভকতি দিলা
 জীৱক কৰিলা দয়া আতি।
শক্তি অনুযায়ী ভক্তি নামে মাত্ৰ গতি মুক্তি
 বিহিলাহা কৰি লোক প্ৰতি॥