পৃষ্ঠা:গুৰুচৰিত.djvu/৮০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হেন বিমৰিষি গুৰু চিত্ত থিৰ কৰি।
মাধৱক বুলিলন্ত বচনে সাদৰি॥৩৬৮
কৰিবাহা পদ তুমি পুথিখান নিয়া।
আতি শীঘ্ৰে পদ কৰি মোক আনি দিয়া।
আদেশ পাইয়া পুথি মাধৱে নিলেক।
নানা ছন্দবন্ধে তাৰ পদ কৰিলেক ৩৬৯
শুনা সভাসদ পদ কৰি এক মন।
গুৰুৰ চৰিত্ৰ কথা অত্যন্ত গহন।
গুৰু পাদপঙ্কজক হৃদয়ত ধৰি।
বোলা ৰাম ৰাম পাপ যাওক অন্তৰি॥৩৬৪০


ছবি

শুনা কথা সৰ্বজন  থিৰ কৰি এক মন
গুৰুৰ চৰিত্ৰ মধুময়।
শঙ্কৰ স্বৰূপে হৰি আছে অৱতাৰ ধৰি
তাৰিব কলিৰ লোকচয়।
কমলা বাঢ়ৈ নামে পাটবাউসীৰ ধামে
আছয় সন্ন্যাসী একজন
ৰাঘৱেন্দ্ৰ নাম তাৰ ধৰ্ম্ম কৰি শঙ্কৰক
আছে তেহো পৰম গহন॥৩৬৪১