পৃষ্ঠা:গুৰুচৰিত.djvu/৭৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব্ৰাহ্মণ নভৈলে দণ্ডৰেসে যোশ্য হোৱা।
এতিক্ষণে সভাৰ উঠিয়া সবে যোৱা॥
যিসব ব্ৰাহ্মণে সদভাৱে আলাপয়।
শঙ্কৰৰ মত শুদ্ধ বুলিয়া কহয়॥ ৩৫৯৪
সিসব ব্ৰাহ্মণক উপঢৌকণক দিল।
শঙ্কৰদেৱকো বহু সন্মান কৰিল॥
তাৰ কতক্ষণে ৰাজা মনত বিচাৰি।
বুলিলা সবাকো পাচে সমাদৰ কৰি॥ ৩৫৯৫
ভাগৱত শাস্ত্ৰৰ সমস্ত কথা সাৰ।
সংক্ষেপ কৰিয়া পুথি লেখি আৰোবাৰ॥
এক দিনমধ্যে কোনে শুনাইবা কাথাক।
কহিয়ো পণ্ডিতসবে এতিক্ষণে মোক॥ ৩৫৯৬
শুনিয়া পণ্ডিতসবে উত্তৰক দিলা।
অসাধ্য কথাক ৰাজা আমাক বুলিলা॥
হাতী মাৰি ভুৰুকাত ভৰব নপাৰি।
ভাগৱত গ্ৰন্থ তেনে কৰিবে নোৱাৰি॥ ৩৫৯৭
উত্তৰ শুনিয়া ৰাজা প্ৰত্যাহাৰ কৰি।
পুছিলা পাৰিবা বাৰু কতদিন মূৰি॥
কেহো বোলে দহ কেহো বোলে ছয় সাত।
কোনো কোনো পণ্ডিতৰ নাই বোল মাত॥ ৩৫৯৮
শঙ্কৰৰ ফালে চাই ৰাজা বুলিলেক।
আপুনি বা কত দিনে দিবা পাৰিবেক॥