পৃষ্ঠা:গুৰুচৰিত.djvu/৭৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আমাক নালাগে এনে দেও মানুহক।
টকা আনো উলটাই দিয়া ইহান্তাক॥ ৩৪৯০
এহি বুলি ভোটে ৰাজ-নগৰক গৈলা।
দেও-মানুহ দিছা ইটো ৰাজাক কহিলা॥
নালাগে আমাক ৰাজা এনে দেও লোক।
টকা উলটাই দিয়া চলিবো দেশক॥ ৩৪৯১
শুনি ৰাজা মহাখঙ্গে খেদিলা ভোটক।
টকা নিদি পঠাইলন্ত বুলি কটুবাক॥
শঙ্কটত পৰি ভোটে গুণিবে লাগিলা।
সহিহৰি দেখিয়া পাচে ভোটক বুলিলা॥ ৩৪৯২
তিনি কুৰি টকা দেওঁ ফিৰাই দিয়া মোক।
কহিলোহো ভোট ইষ্ট কথাক তোৰাক॥
যদিহে দুনাই আৰু লইয়া যাইবা।
নিশ্চয় কহিলো জানা বিপদে পৰিবা॥ ৩৪৯৩
ভাবি চিন্তি ভোটসবে সন্মত হইল।
তিনি কুৰি ৰূপ লৈয়া আতাক এৰিল॥
আতাক পাইয়া সহিহৰি ঘৰে নিল।
আতিশয় আনন্দতে ঘৰত ৰাখিল॥ ৩৪৯৪
সহিহৰি গৃহতেই আইও আছিল।
হৰ্ষ বিষাদতে আসি দেখাক কৰিল॥
আতাৰ চৰণে আই কান্দিলন্ত পৰি।
তুলিলন্ত আতাই আইক হাতে ধৰি॥ ৩৪৯৫