পৃষ্ঠা:গুৰুচৰিত.djvu/৭৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হেন কালে সাৰি পাইয়া আতা উঠিলন্ত।
আথ বেথ কৰি সহিহৰিক মাতন্ত॥
উঠা গৰমলি মোৰ ছিঙ্গি আছে বেৰি।
ৰাজাই জানিবে লগায়োক যত্ম কৰি॥ ৩৪৮৫
দেখা পায়া সহিহৰি বিস্ময় মানিলা।
পুনু সপোনৰ কথা মনত ভাবিলা॥
আথে বেধে আহি আতাৰ চৰণত পৰি।
ক্ষমা মাগিলন্ত বহু স্তুতি নতি কৰি॥ ৩৪৮৬
নাজানি কৰিলো দোষ ৰাজাৰ অজ্ঞায়।
এতেকতে বাপ মোক ক্ষমিবে লাগয়॥
আতা বোলে মই বাপু আছোহো বন্দীত।
ইস্থানে ইহেন কথা নহয় উচিত॥ ৩৪৮৭
হেন শুনি সহিহৰি নামাতি থাকিল।
ৰাত্ৰি প্ৰভাততে ৰাজা ভোটত বেচিল॥
ছয় কুৰি টকা ভোটে নৃপতিক দিয়া।
হাতত ধৰিয়া বলে গৈলন্ত লইয়া॥ ৩৪৮৮
অনুক্ৰমে গৈয়া ভোটে সীমানক পাইল।
দৈৱক্ৰমে সি ঠাইত চক্ষু অন্ধ ভৈল॥
দেখাক নাপাই ভোটে কৰে অল জাল।
ভাবিলন্ত এই জনে আমাৰ ভৈল কাল॥ ৩৪৮৯
কিবা ইটো দেও-মানুহ আমাসাক দিলা।
ইহাৰ কাৰণে যত আপদ মিলিলা॥