পৃষ্ঠা:গুৰুচৰিত.djvu/৭৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিছুদিন পৰে হেমা-পেমা ভোট দুই।
মানুহ বিচাৰে আহি টকা হাতে লই। ৩৪৭৯
ৰাজ নগৰত তাৰা বন্দী বিচাৰয়।
পৰস্পৰ হন্তে কথা ৰাজাই শুনয়॥
নকহয় ছিদ্ৰ একো কথা শঙ্কৰৰ।
বন্দীক বেচোহো টকা লৈয়া ভোটৰ॥ ৩৪৮০
পাত্ৰ-মন্ত্ৰী মাতি আনি যুগুতি কৰিলা।
ভোটক বেচিবে সবে সন্মতিক দিলা॥
সেহি ৰাতি নাৰায়ণে সপোন দেখিলা।
আতাৰ সিঠানে বহি গুৰুৱে কহিলা॥ ৩৪৮১
গৰ্জ্জন কৰিয়া গুৰু বোলে দৃঢ়স্বৰে।
শকতি আছয় কাৰ তোমাক দিবৰে॥
কিনিবে কাহাৰো জানা নাহিকে শকতি।
কহিলোহো ইটো কথা দৃঢ় কৰি আতি॥ ৩৪৮২
আতা বোলে যদি বাপ দাসে ভৈল দায়া।
সেৱকৰ সঙ্গে সহি হৰিটিকো লোৱা॥
এহি কথা শুনি বুলিলন্ত গুৰু বাক।
তোমাক দিছয় দুখ নোৱাৰো লৈবাক॥ ৩৪৮৩
আতা বোলে ৰাজাজ্ঞা পালিছে সহিহৰি।
হুকুম নাপালি তেহো থাকে কেন কৰি॥
জীৱন থাকিছে মোৰ সহিহৰি হন্তে।
এতেকতে বাপ তাক লাগয় ৰাখিতে॥ ৩৪৮৪