সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৭৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

• চৰিত এহি বুলি ৰহিল কৃতাঞ্জলি কৰি। নিয়া কহিৰে গৈলা শৰ হৰি॥৩৩১৫ সন্ন্যাসীক বোলে বপু শু মোৰ কথা। উদয় ৰাজ্যত আমি জন্মিলেহে তথা। আসি আছে তীৰ্থক্ষেত্ৰ কৰিবাক লাগি। পাইল পিতৃ আমাক হৰত বৰ মাগি ৩৩১৬ আগগুৰি কথা সন্ন্যাসীক কহিলন্ত শুনিয়া সন্তোষ ভৈলা সন্ন্যাসী মহন্ত। আশীবিধ নৱবিধ ভকতি কহিলা। কেৱল ভক্তিক পনু সন্ন্যাসী মুধি॥৩৩১০ শঙ্কৰে বুলি সন্ন্যাসীক হেন শুনি। কেৱল ভক্তিক দেখে কহিলা আপুনি। সন্ন্যাসীৰ মতে কি কাৰণে ফুৰা তুমি। তোমাৰ বৃত্তান্ত কথা কহা শুনো আমি ৩৩১৮ হেন শুনি প্ৰত্যুত্তৰ দিগন্ত সন্ন্যাসী। দেখিয়োক বাপ আমি মুহিকা সন্ন্যাসী। কেৱল ভক্তিৰ কাজ কাৰণ কহিলা। শুনিয়া শৱৰে বৰ আনন্দ লভিল ৩৩১৯ পিতৃ-মাতৃ জন কলিন্ত কথা। বেনমতে তীৰ্থক্ষেত্ৰ কৰি ফুৰে তথা। এহিমতে ৰাত্ৰি যেবে তিনিপৰ গৈলা। এক এহৰৰ নিশা শয়ন কৰিলা॥৩৩২