পৃষ্ঠা:গুৰুচৰিত.djvu/৬৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬৬
গুৰু চৰিত

শঙ্কৰ স্বৰূপে কৃষ্ণ অংশে অৱতাৰ।
তাঙ্ক গুৰু লৈয়া কৰা পুৰুষ উদ্ধাৰ॥ ৩০৯৮
হেন শুনি বিপ্ৰবৰ মৌনে বহিলন্ত।
যজমান সমস্তক মতাই আনিলন্ত॥
সকলো বৃত্তান্ত কৈলা তাসম্বাৰ আগে।
বোলে মোৰ লগে হৰি ভজিবাক লাগে॥ ৩০৯৯
শুনি যজমান সৱে কৰি ক্ৰোধ মন।
বিপ্ৰক সম্বোধি হেন বুলিলা বচন॥
ই ৰাজ্যৰ মধ্যে তুমি দ্বিজ অনুপাম।
সমস্ত লোকৰ কৰা যজমান কাম॥৩১০০
আপুনাৰ স্বধৰ্ম্মক কদাপি নেৰিবা।
পাইলেক বিবুদ্ধি তুমি জানিলো মৰিবা॥
তেজস্বী বুলিয়া যিটো তোমাক মানিলো।
দম্ফতে মাৰিলা তুমি তাহাক দেখিলো॥৩০১১
এহি বুলি যজমান ঘৰা ঘৰি গৈলা।
আপুনাৰ গৃহে বিপ্ৰ আনন্দে থাকিলা॥
তথাপিতো নুগুচয় আশঙ্কা মনৰ।
গোটা পচিশেক শ্লোক কৈলা বিপ্ৰবৰ॥৩০১২
নাৰায়ণ আগে গৈলা শঙ্কা লোক লৈয়া।
গণকপাৰাত দুইয়ো প্ৰবেশিলা গৈয়া॥
মাধৱে সুধিলা পাচে তাসম্বাক দেখি।
তযু সজে কৈব বিপ্ৰ কহিয়োক সখি॥ ৩০১৩