পৃষ্ঠা:গুৰুচৰিত.djvu/৬৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫৫
পঞ্চম খণ্ড

নাই নাই নাই গতি ৰামনাম বিনে।
নাই নাই দেৱ দৈৱকীৰ পুত্ৰবিনে॥
হেন জানি তুমি আন ধৰ্ম্ম পৰিহৰা।
সুদৃঢ় বিশ্বাসে হৰি ভকতিত ধৰা॥৩০৩৮
গুৰুমুখে ভকতিৰ তত্ত্ব অৰ্থ পাইলা।
দেৱতো তীৰ্থতো সবে বিশ্বাস এৰিলা॥
আনো ভক্তে শুনি পাচে হেন শিক্ষাবোধ।
দেৱ তীৰ্থ ধৰ্ম্ম এৰিলন্ত কাম ক্ৰোধ॥৩০৩৯
পৰম আনন্দে সবে এহিমতে ৰৈলা।
আতপৰে শুনা আৰ যেন কথা ভৈলা॥
গোকুলচান্দ নামে ভক্ত আছে একজন।
তাঙ্ক শঙ্কৰত আনি কৰাইলা শৰণ॥ ৩০৪০
আনো যত লোক পাইলা তাহাক আনিলা।
নাৰায়ণে আনি আনি ভকত কৰাইলা॥
শঙ্কৰে হৰিষমনে কৃষ্ণকথা কন্ত।
প্ৰসঙ্গত বসি সবে ৰঙ্গেও শুনন্ত॥ ৩০৪১
গোসাই দামোদৰে তান কথাক শুনন্ত।
নাৰায়ণে দেখি শঙ্কৰত পুছিলন্ত॥
মহা ধৈৰ্য্যবন্ত দেখো আন কিবা নাম।
কহিয়োক বাপ মোত কোনখানে গ্ৰাম॥৩০৪২
শঙ্কৰে বোলন্ত নাৰায়ণ শুনা তুমি।
ইহাৰ উত্তৰ অল্প কৰি কহো আমি।॥