পৃষ্ঠা:গুৰুচৰিত.djvu/৬৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম নিয়ে বিজবৰ বোলো যায়ো বৰ কালিয়ো তুমি আসিবা। ভকতৰ সদে | হৰিকথা বলে | তুমি মুহ্নি মোক দিবা। ২৯৭৬ ভোজনীক লৈ ধৰে চলি গৈল | হৰিষ কৰি মনত। ভাৰ্যাক মাতিয়া কহিলা হাসিয়া আগত সবে দিল। দেখি ভাৰ্যা চাই হৰিষক পাই কৰ আনন্দ আতি।। বোলে হেন কৰা মোৰ বাক্য ধৰা | স্বামীক কহিল মাতি॥ ২৯৭৭ ধৰা তুমি নাম কৰা হেন কাম | আন সবে পৰিহৰা। হাত ভাগি যাই দেখা তুমি চাই | কাম কৰি কিয় মৰা। দিনে দিনে যাব। ঠাইতে বসি পাবা | শঙ্কৰে যি বোলে কৰা। নাহি দুখ গাত দেখিয়ে সাক্ষাত | শহুৰৰ বাক্য ধৰা। ১৯৭৮ তনি দ্বিজবৰ নেদিলে উত্তৰ কিহো নুবুলিয়া ৰৈল।