পৃষ্ঠা:গুৰুচৰিত.djvu/৬০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮৯
পঞ্চম খণ্ড

ঐকে আসিবেক বহি আছে নদীতীৰে।
নাথাকিবা তুমি তৈকে চলিয়ো সত্বৰে ॥
অহিক আসিলে বৰ বিলম্ব হুইবেক।
তাতেসে তহিক আমি পাঞ্চিলো তোমাক ॥২৭৩৮
কথাত বসিলে বেলা হুইবেক গধুলি।
মাধৱক শঙ্কৰে পঠাইলা এহি বুলি॥
তেতিক্ষণে তৈকে চলি গৈল মাধৱ।
বৈষ্ণৱৰ কথা শুনি মনত উৎসৱ॥২৭৩৯
পৰম কৌতুক বৰ হৰষিত মন।
নাৰায়ণ ভকতক হৈবো দৰিশন॥
এহি বুলি মনে খেদ কৰন্ত অশেষ।
নাৰায়ণ থানে যাই ভৈলন্ত প্ৰবেশ॥২৭৪০
মাধৱ আসন্ত নাৰায়ণে বাৰ্তা পাইলা।
আসনৰ পৰা উঠি আগবাঢ়ি গৈলা॥
দুয়োজন যাই পাচে ভৈল দেখাদেখি।
দুইকো দুই চাই স্নেহে নিৰেখি নিৰেখি ॥২৭৪১
মহাপ্ৰেমে দুইহান্তোৰো নীৰ বহি যাই।
নাই মাতবোল ভৈল পুলকিত কায়॥
অনন্তৰে দুইকো দুই সাৱটিয়া ধৰি।
বুকে বুক দিয়া জাপ্তি আলিঙ্গন কৰি ॥২৭৪২
দুইকো দুই বুকে বান্ধি যান্ত আতিশয়॥
চুলিগাছ মানে যেন নিলগ নহয়॥