পৃষ্ঠা:গুৰুচৰিত.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৪)

সভ্যতাৰ যুগ আৰম্ভ হৈছিল। বিজয় শঙ্কৰৰ বিজয় দুন্দুভিত
শ্ৰীশ্ৰীদামোদৰদেৱে বেহাৰৰ ওচৰৰ অনুন্নত • লোকক দৃষ্টি কৰি শুদ্ধ
কৰে। আৰু তেওঁ ঘৰত —

••• ••• ••• ••• ••• •••প্ৰভু দামোদৰে

আনন্দে ভোজন কৰি।
কতিপয় দিন তাহান গৃহত

ৰৈলা সম্বৰূপে হৰি॥ ৬১৪ (গুৰুলীলা)


শ্ৰীশ্ৰীমাধৱদেৱৰ শ্ৰীমন্তশঙ্কৰদেৱৰ শৰীৰৰ ছাঁৰদৰে আছিল আৰু গুৰুক
নানা ভাৰে সেৱা- শুশ্ৰূষা কৰি গুৰুসেৱাৰ আদৰ্শ দেখুৱাইছিল।
    শ্ৰীশ্ৰীদামোদৰদেৱে শ্ৰীমন্ত শঙ্কৰদেৱৰ লগত পাটবাউসীত একেলগে
প্ৰসঙ্গ কৰা ভাগৱত পাঠ কৰা, শাস্ত্ৰালাপ কৰা গুৰুচৰিত আৰু
শ্ৰীশ্ৰীদামোদেৱৰ চৰিতৰ পোৱা যায়। শ্ৰীশ্ৰীদামোদৰদেৱ শ্ৰীমন্ত
শঙ্কৰদেৱৰ লগত এইদৰে মিলি গৈছিল যে—নীলকণ্ঠৰ শ্ৰীশ্ৰীদামোদৰ
দেৱৰ চৰিতত এইদৰে লিখিবলগীয়া হৈছিল—

“শঙ্কৰ মাধৰ দামোদৰ একে কায়।
তিনিও মূৰ্তিৰ একো ভিন-পৰ নাই॥”৫

এই চৰিতত শ্ৰীগুৰুৰ বিষয় এইদৰে লিখিছে—

“ঈশ্বৰ মহি৷ যাৰ লীলা বিপৰীত।

তাহান চৰিত্ৰ কোনে পাৰয় বৰ্ণিত॥
নামধৰ্ম্ম ভকতিক কৰিয়া প্ৰচাৰ।

বাৰু আচৰিয়া সুখে তৰয় সংসাৰ॥”১২
• দি ৰাজ্যৰ লোকে, ঘৰে পুনে সবে, হংস শকৰ •॥৬০৫