পৃষ্ঠা:গুৰুচৰিত.djvu/৫৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪৩
 
চতুৰ্থ খণ্ড

বাৰাদিৰ সমীপক পাইলন্ত যাই।
তিনিখন নাও আছে পানী ভাঠিয়াই॥২৫১৭
শঙ্কৰদেৱৰ গীত পৰম হৰিষে।
ভণিতায় সমে গাৱে নাৱৰ মানুষে॥
শঙ্কৰদেৱৰ ভণিতাক শুনিলন্ত।
নাও ৰাখি নাৰায়ণে বাৰ্ত্তা পুছিলন্ত॥২৫১৮
যাহাৰ ভণিতা তুমি পাইলাহা গীতত।
কৈতবা আছয় তাৰা কৈয়ো স্বৰূপত॥
কি কামে পুছিলা বুলি তাৰা সুধিলন্ত।
দেখিয়োক বৃক্ষ তথা শঙ্কৰ আছন্ত॥২৫১৯
চূণপোৰা নামে বৃক্ষ প্ৰসিদ্ধ লোকত।
আছন্ত শঙ্কৰে ৰহি তাহাৰ গোৰত॥
হেন বাক্য যেবে নাৰায়ণে শুনিলন্ত।
আকাশৰ চন্দ্ৰ যেন হাততে পাইলন্ত॥২৫২০
তাসম্বৰ লগ ধৰি পাচতে আসিলা
জানে সোমাই বৰপেটা বিলক পাইলা।
বৃক্ষৰ খাটত নিয়া নাও চপাইলন্ত।
নাৰায়ণে তেখনে নাৱৰ উঠিলন্ত॥২৫২১
এক পূৰা মুগ কলা লৈলন্ত কান্ধত।
শঙ্কৰদেৱক উঠি দেখিলা সাম্প্ৰত॥
খৰমত ভৰি দিয়া থিয় দি আছন্ত।
পশ্চিমক মুখ দিয়া বন কটাৱন্ত॥২৫২২