পৃষ্ঠা:গুৰুচৰিত.djvu/৫২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গিৰি বোল কন্যা দিবা নপৰেছে আমি। বিবা জোৰণক দিছা লৈয়া যাহা তুমি। এহি বুলি অলঙ্কাৰ আগত দিগন্ত। মাধৱে আনন্দ মনে বয়ে বান্ধিলপ্ত। ২৩৫৮ মাগিয়া বিদায় তাৰ গৃহক আসি। পুনু একদিন এক গৃহস্থে মাতিলা। কৰিয় কীৰ্ত্তন পাচে সামৰি গৈলা। সিদিনা শঙ্কৰদেৱ সভাক নগৈলা। ২৩৫৯ পুণ্ডৰীৰ তিনিভাই আগে সাদিক। নাপায়া পিৰয় গালি ৰামৰা গুৰুক। বোলন্ত মৰীয়া তই বৰ পাইলি নাই। আমাক নেদিয়া ফুৰ প্ৰসাদ বিলাই। ২৩৬ ভাল মন্দ নিচিনি ফুৰস গৰ্ব কৰি। বৰ ৰাগে মতে তিনিয়ে ক্ৰোধ কৰি। ৰামৰামে শুনিয়া কটাক্ষ নকয়। হাতযোৰ কৰি তাৰ তিনিয়ো বোলয়। ২৩৬১ নকৰিবি ক্ৰোধ তেৰা হুয়ো সুপ্ৰসন্ন। আমাৰ দোষক কেমিবাহ। তিনিজন। ভাৰাৰ মাততে তিনিজন লাজ ভৈল। এক এশংসা সমজাৰ লোকে কৈল। ৩৬২ ক্ষুদ্ৰ শৌচ কৰে বুলি তিনিয়ে গৈল। কমাতে ক্ৰোধ ভৈল মনত গুণ।