পৃষ্ঠা:গুৰুচৰিত.djvu/৫২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫১০
গুৰু-চৰিত

কি কৰিয়া জুৰণৰ কন্যাক এৰিবো।
লোকত কহিবো কন্যা বাণ্ডুকাত নিবো॥ ২৩৫২
এহি বুলি মনত নিশ্চয় কৰিলন্ত।
জন চাৰি পাঞ্চ ভাবি লগত লৈলন্ত॥
গাৱে গাৱে ভাৰ দিয়া মাধৱ লৰিলা।
কতো বেলি যাই কন্যা-গৃহক পাইলা॥ ২৩৫৩
দেখিয়া গৃহস্থে তাসম্বাক পিৰা দিলা।
ভাৰ আগে থৈয়া দেৱ মাধৱ বসিলা॥
পুছিলন্ত তুমি এঠা আসিলা কিসক।
মাধৱে বোলন্ত দি্য়ো তোমাৰ কন্যাক॥ ২৩৫৪
আসিছো তোমাৰ ঠাই বিবাহৰ মনে।
কন্যা লৈয়া যাইবো মই বাণ্ডুকাৰ থানে॥
আছে বন্ধুবৰ্গ মোৰে সেহি গ্ৰাম জুৰি।
আপুন থানক যাওঁ বিবাহক কৰি॥ ২৩৫৫
হেন শুনি তাৰা বোলে ঐ আই বাই।
আমাৰ জীউক কেনে নিবা ভঠিয়াই॥
সদগিৰি বেটা জানি দিবাক চাহিলো॥
তোমৰাৰ কথা শুনি শ্ৰুতি হৰুৱাইলো॥ ২৩৫৬
বোলন্ত মাধৱ মোৰ বিধি ভৈলা ভাল।
শঙ্কৰে কহিলে মনোৰথৰ সফল॥
দিবা কি নেদিবা কন্যা কহা শীঘ্ৰ কৰি।
বিৰাহ কৰাইবে লাগে যাওঁ শীঘ্ৰ কৰি~॥ ২৩৫৭