পৃষ্ঠা:গুৰুচৰিত.djvu/৪৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮১
চতুৰ্থ খণ্ড

কৃতাঞ্জলি কৰি আসনৰ উঠিলন্ত।
গুৰু মানি শঙ্কৰত শৰণ লৈলন্ত॥ ২১৩৬
সাধু সাধু মাধৱক প্ৰশংসা কৰিলা।
দুইহাতে আশ্বাসিয়া শঙ্কৰে বুলিলা॥
উঠিয়ো মাধৱ তুমি বসিয়ে আসনে।
তোমাৰ কথাত মহাতুষ্ট ভৈলো মনে॥২২৩৭
অনন্তৰে ৰামদাসে লৈলন্ত শৰণ।
অন্যো অন্যে কৃষ্ণকথা কৰি সম্ভাষণ॥
দিলন্ত তাম্বুল সবে ৰঙ্গে ভুঞ্জিলন্ত।
নমস্কাৰ কৰি দুয়ো গৃহক গৈলন্ত॥২২৩৮
কথামাতে যান্ত পথে হৰষিত মন।
মাধৱে বুলিলা ৰামদাসক বচন॥
পূৰ্ব্বহন্তে শুনো শঙ্কৰৰ কথা যত।
তথাপিতো কিঞ্চিতেকো নধৰো মনত॥২২৩৯
তুমি বৰ আমাক কৰিলা উপকাৰ।
একেই কুটুম্ব আৰো সুহৃদ আমাৰ॥
টকা দিলো ততো তুমি নিকিনিলা ছাগ।
মহাভাক্ৰোধে মোৰ মনে মিলিলা বিৰাগ॥ ২২৪০
মহাভাগ্য আসি মোৰ ভৈল উপসন।
শঙ্কৰদেৱৰ আসি দেখিলো চৰণ॥
কৰিলোহো সম্ভাষণ শাস্ত্ৰক বিচাৰি।
গুৰু মানি শৰণ লৈলোহো দৃঢ় কৰি॥২২৪১
৩১