পৃষ্ঠা:গুৰুচৰিত.djvu/৪৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪৩
তৃতীয় খণ্ড

এক ৰাত্ৰি বঞ্চি তাত আপুনি শ্ৰীহৰি।
বৰাহ ক্ষেত্ৰক লাগি গৈলা ৰঙ্গ কৰি॥
সিটো পুণ্যভাগী ক্ষেত্ৰ দেখিলা শঙ্কৰ।
তেবে আসি ভৈলা তান চল্লিশ বৎসৰ॥২০৬০
প্ৰয়াগ তীৰ্থক লাগি তেবে চলি গৈল।
পৰম কৌতুকে তাত স্নান দান কৈল॥
পিতৃসকলকো পিণ্ড জলাঞ্জলি দিল।
তাত পাচে পুষ্কৰিণী তীৰ্থক লৰিল॥২০৬১
পুষ্কৰিণী তীৰ্থে পিণ্ড দিলা বিধিমতে।
শঙ্কৰৰ মহিমাক দেখয় সমস্তে॥
তীৰ্থক্ষেত্ৰে থানে স্থানে দেখয় সপোন।
স্বপ্ন দেখি কহন্ত শুনন্ত যাত্ৰীগণ॥২০৬২
সবে তীৰ্থ গৈলে স্বপ্ন দেখে ঠাই ঠাই।
শঙ্কৰত পৰে জানা গুৰু আন নাই॥
শঙ্কৰৰ লগে আৰো নৱ যাত্ৰী যাই।
কতদিন অন্তৰে মথুৰাপুৰী পাই॥২০৬৩
ছয় মাস বহিলন্ত তহিতে শঙ্কৰ।
আমাক দেখায়ো বাপ দ্বাৰকা নগৰ॥
ৰুক্মিণী দেৱীৰ নিজ মন্দিৰক চাওঁ।
তোমাৰ প্ৰসাদে বাপ দেখিবাক পাওঁ॥২০৬৪
এহি বুলি তিনি জনে কৰন্ত কাতৰ।
শুনা সৰ্ব্বজয় বুলি মাতিলা শঙ্কৰ॥