পৃষ্ঠা:গুৰুচৰিত.djvu/৪৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩১
তৃতীয় খণ্ড

এহি বচনক শুনি তিনিজন
 যাইবাক কৰিলা মতি।
ৰামৰাম গুৰু যত যাত্ৰী আৰো
 গৃহে নকৰিবা গতি॥২০১৪
সবেয়ো চাহিয়া বচন বুলিয়া
 বোলে শুনা ডেকাগিৰি।
তোমাক ত্যাজিবো গৃহক চলিবো
 দেখি হাসিবেক তিৰী।
শঙ্কৰে বোলন্ত যায়োক সমস্ত
 আতো কিছো লাজ নাই।
তোমাৰ আমাৰ যত বন্ধু আছে
 জনায়ো সবাতে যাই॥ ২০১৫
চলা নিষ্ট মনে আৰো একজনে
 নবাধিবা মোৰ বাক।
প্ৰতি প্ৰতি কৰি বোলোহো সাদৰি
 দিলো তোমাসাক হাক॥
ৰামৰাম সমে কান্দে অনুক্ৰমে
 আছে যত যাত্ৰীগণ।
মহেন্দ্ৰ কন্দলী কৰিয়া বিকলি
 কাৰো সুস্থ নাহি মন॥২০১৬
মহা দুখ কৰি কান্দন্ত সুমৰি
 শঙ্কৰৰ যত গুণ৷