পৃষ্ঠা:গুৰুচৰিত.djvu/৪১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৫
তৃতীয় খণ্ড

শঙ্কৰে বোলন্ত কালি বৃহস্পতিবাৰ।
আঘোণ মাসতে বিহা দিবো নিষ্টে তাৰ॥
যাইবো পিতামহসব নকৰিবা বাধ।
হৰিষ্য কৰোহো আজি কালি কৰো শ্ৰাদ্ধ॥১৮২৩
নান্দীমুখ পিণ্ড দিয়া কৰো কন্যাদান।
কালি তোৰাসব আসিবাহা এহি থান॥
মাৱৰা মনুৰ লগে সবে পিণ্ড দিবো।
ভাই জমাই দুইক ঘৰ বাড়ী সমৰ্পিবো॥১৮২৪
এহি শুনি তিনি পিতামহ চলি গৈলা।
বুঢ়াখাক আদি যত বন্ধুত কহিলা॥
কৈসানি বিবাহ দিবো আমি মনু আই।
শুনি সমস্তৰে আনন্দৰ সীমা নাই॥১৮২৫
কম্বলধৰায়ে সব লোক দিলা জান।
বিহা শুনি লোক আইলা অসংখ্যাত মান॥
প্ৰাতসৰে পৰা তোলা খানি গুৰু নিল।
সাত দণ্ড বেলা ভৈল শ্ৰাদ্ধত বসিল॥১৮২৬
নৰ দণ্ড আছন্তে উঠিল শ্ৰাদ্ধ হস্তে।
বৰদোৱা বিলে পিণ্ড লগাইলা জয়ন্তে॥
কুল বাছি শঙ্কৰে তীৰত খালি থৈল।
ভক্ত সমে নাম গায়া পুনু ঘৰে আইল॥১৮২৭
ব্ৰাহ্মণসবক দান-দক্ষিণাক কৰি।
বিপ্ৰসকলক পঠাই দিলন্ত সাদৰি॥