পৃষ্ঠা:গুৰুচৰিত.djvu/৩৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৪
গুৰু-চৰিত

শুনি সমস্তৰ আনন্দৰ সীমা নাই।
জয়ন্ত মাধৱ আসিলন্ত দুয়ো ভা॥১৪৩৯
শঙ্কৰৰ অষ্টাদশ বৎসৰ ভৈলন্ত।
বনগঞা গিৰি আসি তেখনে পাইলন্ত॥
ষাণ্ড মৰ্দ্দিবাৰ শুনি হৰষিত মন।
জয় জয় শঙ্কৰ বুলিলা বন্ধুজন॥ ১৪৪০
শুনা সভাসদ পদ গুৰুৰ চৰিত্ৰ।
ইহাক শ্ৰৱণে হোৱে পাপীয়ো পবিত্ৰ॥
এক শৰণীয়া যত ভকত আছয়।
সবাহাঙ্ক প্ৰণামিয়া বেলোহো নিশ্চয়॥ ১৪৪১
মোৰ ইষ্ট গুৰুৰ চৰণে ৰতি বোক।
ভকত জনৰ সঙ্গ সদা মোৰ হৌকো॥
যিটোজনে গুৰু দেৱ নামক দেখাৱে।
জানি বুধজন বন্দিয়োক তাৰ পাৱে॥ ১৯৪২
তান কৃপা ভৈলে সিদ্ধি হোৱে মনোৰথ।
পাৱে অপ্ৰয়াসে মুকুতিৰ সিটো পথ॥
শঙ্কৰ মাধৱ হৃদয়ৰ বস্তু দুই॥
শিৰে মোৰ থাকোক তাসম্বাৰ পাৱ চুই॥১৪৪৩
মাধৱেসে গুৰু নিজ শঙ্কৰ ঈশ্বৰ।
শঙ্কৰ মাধৱ দুয়ো এক কলেৱৰ॥
তাসম্বাৰ সঙ্গী যত আছয় ভকত।
তাসম্বাক বন্দি মই থাকোহো সতত॥১৪৪৪